Trace Id is missing
প্ৰধান বিষয়বস্তুলৈ গুচি যাওক
ছাইন ইন কৰক

Microsoft Office Language Interface Pack 2010 – অসমীয়া

Microsoft Office Language Interface Pack 2010 – অসমীয়া ই বহুতো Microsoft Office 2010 প্ৰ'গ্ৰামৰ বাবে এক অসমীয়া ব্যৱহাৰকৰ্তা ইণ্টাৰফেচ প্ৰদান কৰে৷

গুৰুত্বপূৰ্ণ! তলত এটা ভাষা চয়ন কৰিলে সম্পূৰ্ণ পৃষ্ঠাৰ সামগ্ৰী সেই ভাষালৈ ডাইনেমিকভাৱে সলনি হ'ব।

  • সংস্কৰণ:

    1

    প্ৰকাশিত তাৰিখ:

    ২০-১২-২০১৯

    ফাইলৰ নাম:

    O14LipHelp.chm

    languageinterfacepack-x86-as-in.exe

    languageinterfacepack-x64-as-in.exe

    ফাইলৰ আকাৰ:

    215.7 KB

    13.8 MB

    15.3 MB

    Microsoft Office Language Interface Pack 2010 – অসমীয়া ই ইয়াৰ বাবে এক অসমীয়া ব্যৱহাৰকৰ্তা ইণ্টাৰফেচ প্ৰদান কৰে:
    • Microsoft Office Excel 2010

    • Microsoft Office OneNote 2010

    • Microsoft Office Outlook 2010

    • Microsoft Office PowerPoint 2010

    • Microsoft Office Word 2010
  • সমৰ্থিত অপাৰেটিং ছিষ্টেম

    Windows 7, Windows Vista

    • প্ৰয়োজনীয় ছফ্টৱেৰ: তলৰ প্ৰয়োগসমূহ থকা Microsoft Office 2010-ৰ যিকোনো চুইট বা ষ্টেণ্ড-এলন প্ৰতিলিপি: Excel, OneNote, Outlook, PowerPoint বা Word.
    • প্ৰয়োজনীয় ডিস্ক স্থান: বৰ্তমানে স্থাপিত Office 2010 প্ৰ'গ্ৰামবোৰৰ উপৰিও, উপলব্ধ হাৰ্ড ডিস্কৰ 20 মেগাবাইট (MB) স্থানৰ প্ৰয়োজন হব৷
    • স্ক্ৰিন ৰিজ’লিউশ্বন: Microsoft অনুমোদন জনাইছে যে ব্যৱহাৰকৰ্তাই সৰ্বনিম্ন 1280 x 1024 বা 1280 x 800 স্ক্ৰীণ ৰিজ’লিউশ্বন ছেট কৰিব পাৰিব৷
  • এই ডাউনল'ড স্থাপন কৰিবলৈ:
    1. ডাইনল'ড LanguageInterfacePack.exe বুটাম (ওপৰত) ক্লিক কৰি আৰু ফাইলটো আপোনাৰ হাৰ্ড ডিস্কত সঞ্চিত কৰি ফাইলটো ডাউনল'ড কৰক৷
    2. ছেটআপ প্ৰ'গ্ৰামটো আৰম্ভ কৰিবলৈ LanguageInterfacePack.exe আপোনাৰ হাৰ্ড ডিস্কৰ প্ৰ'গ্ৰাম ফাইলটো ডাবল-ক্লিক কৰক৷
    3. স্থাপন সম্পূৰ্ণ কৰিবলৈ স্ক্ৰীণত দিয়া নিৰ্দেশনাবোৰ অনুসৰণ কৰক৷
    4. স্থাপিত হোৱাৰ পিছত আপোনাৰ Microsoft Office 2010 ভাষা ইণ্টাৰফেচ পেকৰ readme ফাইলটো C:\Program Files\Common Files\microsoft shared\OFFICE12\LCID\LIPread.htmত পোৱা যাব৷
    5. Office 2007 ভাষা ইণ্টাৰফেচ পেক সহ Office 2007 বা আগৰ সংস্কৰণৰ পৰা Office 2010 ভাষা ইণ্টাৰফেচ পেক সহ Office 2010লৈ নৱীকৰণ কৰা সমৰ্থিত নহয়৷ যদি আপুনি আপোনাৰ Office 2007 ৰ মূল স্থাপনৰ পৰা Office 2010 ভাষা ইণ্টাৰফেচ পেক সহ Office 2010লৈ নৱীকৰণ কৰিব বিচাৰে তেনেহ'লে আপুনি এনে কৰা উচিত:
      • Office 2007 Language Interface Pack স্থাপন বাতিল কৰক
      • Office 2010 ছেটআপ চলাওক আৰু নৱীকৰণ বিকল্প চয়ন কৰক৷
      • Office 2010 ছেটআপ সম্পূৰ্ণ হোৱাৰ পিছত, Office 2010 Language Interface Pack স্থাপন আৰু কনফিগাৰ কৰক


      • আপোনাৰ Office দ্ৰব্য সক্ৰিয়কৰণ কৰা হৈছে:
      • যদি আপুনি "Microsoft Office Activation Wizard" সংলাপত সম্পূৰ্ণ স্থাপিতকৰণ কোড পঢ়াত সমস্যাৰ সন্মুখীন হৈছে, বা আপোনাৰ Microsoft® Office Language Interface Pack 2010 ব্যৱহাৰ কৰোঁতে সম্পূৰ্ণ স্থাপিতকৰণ কোড সঠিকভাৱে প্ৰদৰ্শিত নহয়, তেনেহ'লে অনুগ্ৰহ কৰি ৱিজাৰ্ডটো বাতিল কৰক আৰু আপোনাৰ Microsoft Office দ্ৰব্য সক্ৰিয়কৰণ কৰিবলৈ আপোনাৰ [ইংৰাজী]লৈ সলনি কৰক৷


    ব্যৱহাৰৰ বাবে নিৰ্দেশনা:

    আপোনাৰ ব্যৱহাৰকৰ্তা ইণ্টাৰফেচ Microsoft Office Language Interface Pack 2010– অসমীয়া ভাষালৈ সলনি কৰিবলৈ, নিম্নলিখিত নিৰ্দেশনাবোৰ অনুসৰণ কৰক:

    1. Start\All Programs\Microsoft Office\Microsoft Office Tools মেনুৰ ৰ পৰা Microsoft Office 2010 ভাষা অগ্ৰাধিকাৰসমূহ আৰম্ভ কৰক৷
    2. প্ৰদৰ্শন আৰু সহায়ক ভাষাৰ তলত, প্ৰদৰ্শন ভাষাৰ তলত প্ৰয়োজনীয় ভাষাটো চয়ন কৰক আৰু ডিফ'ল্ট হিচাপে ছেট কৰক বুটামত ক্লিক কৰক৷
    3. সম্পাদনা ভাষা পচন্দ কৰকত, প্ৰয়োজনীয় ভাষাটো পচন্দ কৰক আৰু ডিফ'ল্ট হিচাপে ছেট কৰক৷
    4. ঠিক বুটামত ক্লিক কৰক৷

    আপুনি চয়ন কৰা ভাষা ছেটিংবোৰ পৰৱৰ্তী বাৰ আপুনি Office এপ্লিকেচনবোৰ আৰম্ভ কৰিলে প্ৰয়োগ হব৷
    টোকাঃ: সহায় Microsoft Office Language Interface Pack 2010– অসমীয়া লৈ সলনি কৰিব নোৱাৰি৷ সহায় সদায়ে আপোনাৰ মূল স্থাপনৰ ভাষাত থাকিব৷
    ড্ৰপ-ডাউন তালিকাত আপোনাৰ সহায় প্ৰদৰ্শন সদায়ে মূল ভাষাত ছেট কৰিব৷

    এই ডাউনল'ড বিলোপ কৰিবলৈ:
      Windows XP Home বা Professional সংস্কৰণত এই পদক্ষেপবোৰ অনুসৰণ কৰক:
    1. সকলো প্ৰ'গ্ৰাম বন্ধ কৰক৷
    2. Windows নিয়ন্ত্ৰন পেনেলত প্ৰ'গ্ৰাম যোগ কৰক বা আঁতৰাওক ডাবল-ক্লিক কৰক৷
    3. সম্প্ৰতি স্থাপিত প্ৰ'গ্ৰামসমূহ Microsoft Office Language Interface Pack 2010 বাকচত ক্লিক কৰক, তাৰ পিছত আঁতৰাওক বুটামত ক্লিক কৰক৷
    4. স্ক্ৰীণৰ নিৰ্দেশনাবোৰ অনুসৰণ কৰক৷

      Windows Vista বা Windows 7ৰ বাবে এই পদক্ষেপবোৰ অনুসৰণ কৰক:
    1. সকলো প্ৰ'গ্ৰাম বন্ধ কৰক৷
    2. Windows নিয়ন্ত্রণ পেনেলত প্ৰ'গ্ৰামসমূহ আৰু সুবিধাসমূহ চিহ্নত দুবাৰ-ক্লিক কৰক
    3. স্থাপন ৰদ কৰক বা কোনো প্ৰ'গ্ৰাম পৰিৱৰ্তন কৰক বিকল্পত, Microsoft Office Language Interface Pack 2010– অসমীয়া ক্লিক কৰক সাম্প্ৰতিক স্থাপিত প্ৰ'গ্ৰাম বাকচত, তেতিয়া স্থাপন ৰদ কৰক বিকল্প চয়ন কৰক৷
    4. স্ক্ৰীণৰ নিৰ্দেশনাবোৰ অনুসৰণ কৰক৷



    যদিহে আপুনি ইয়াক ডাউনলোড কৰাৰ আগতে CHM ফাইলৰ সামগ্ৰীসমূহ দেখা নাপায়, আপুনি তলৰ পদক্ষেপসমূহ প্ৰদৰ্শন কৰিব পাৰে যি আপোনাক সামগ্ৰীসমূহ চাবলৈ সক্ষম কৰি তুলিব :
    1. আপুনি CHM ফাইল ডাউনলোড কৰিব বিচৰা ফ'ল্ডাৰটো খোলক৷
    2. CHM-ত সোঁ ক্লিক কৰক আৰু তাত প্ৰদৰ্শন হোৱা মেনুৰ পৰা ধৰ্মসমূহ চয়ন কৰক৷
    3. সাধাৰণ টেবত, অনৱৰোধ বুটামত ক্লিক কৰক আৰু তাৰপিছত ঠিক বুটাম ক্লিক কৰক৷
    4. CHM ফাইলত দুবাৰ ক্লিক কৰক আৰু এতিয়া আপুনি ইয়াত সামগ্ৰীসমূহ চাবলৈ সক্ষম হ'ব৷